এখনি আচৰিত গাওঁ-Kodinhi
ৰহস্যময় জগত-3
Kodinhi কেৰালা ৰাজ্যৰ মাল্লাপুৰম জিলাত অৱস্হিত এখনি আচৰিত গাওঁ।২০০৮ চনৰ এক হিচাপমতে এই গাওঁখন প্ৰায় দুই হাজাৰ পৰিয়ালৰ বাসভূমি।গাওঁখন Nannambra পঞ্চায়তৰ অন্তৰ্গত।যদিও যমজ শিশুৰ জন্মৰ ক্ষেত্ৰত ভাৰতৰ স্হান বিশ্বৰ ভিতৰতে যথেষ্ট নিম্ন তথাপি এই গাওঁখনত যমজ শিশুৰ জন্মৰ হাৰ বিশ্বৰ ভিতৰতে বেছি।গাওঁখনৰ যেনিয়েই চাই তেনিয়েই আপুনি যমজ শিশুবোৰক দেখিবলৈ পাব।স্হানীয় লোকৰ মতে যমজ শিশুৰ জন্মৰ এই প্ৰক্ৰিয়াটো আজিৰ পৰা প্ৰায় ৬০-৭০ বছৰ আগতে আৰম্ভ হয় আৰু ই আজিও বৰ্তি আছে। এক তথ্যমতে, সাধাৰণতে বিশ্বত প্ৰতি এক হাজাৰ শিশুৰ বিপৰীতে ছয়টা যমজ শিশুৰ জন্ম হয়।কিন্তু তাৰ বিপৰীতে এই ৰহস্যময় গাওঁখনত প্ৰতি হাজাৰ শিশুৰ বিপৰীতে বিয়াল্লিছটা শিশুৰ জন্ম হয়,যিটো সমগ্ৰ বিশ্বৰ হাৰৰ প্ৰায় সাতশ শতাংশ। বহু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় সংস্হা,ব্যক্তিবিশেষে এই ৰহস্যৰ ওপৰত গৱেষণা কৰিছে যদিও কোনেও ইয়াৰ আচল ৰহস্য ভেদ কৰিব পৰা নাই।বহুতে আকৌ এই গাওঁৰ মাটি আৰু পানীত থকা এক বিশেষ ধৰণৰ ৰসায়নৰ সংস্পৰ্শলৈ অহাৰ ফলত গাওঁখনত এই প্ৰক্ৰিয়া নিৰৱধি চলি অহা বুলি মতপোষণ কৰিছে।আটাইতকৈ মজাৰ কথা এইয়ে যে এই গাওঁৰ পৰা আন ঠাইলৈ বিয়া হৈ যোৱা মহিলাৰ অধিকসংখ্যকেই প্ৰায়েই যমজ শিশুৰ জন্ম দিয়ে যিয়ে এই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।