ৰাজস্হানৰ ভূতীয়া গাওঁ-কুলধৰা

Photo source:wikimedia
Source link

ৰাজস্হানৰ ভূতীয়া গাওঁ-কুলধৰা





ৰহস্যময় জগত-২

যেনিয়েই চাই তেনিয়েই দেখা পাব ভগ্নাৱশেষ।ভঙা-ছিঙা ঘৰ-দুৱাৰ,দেৱাল আদিৰ ভগ্নাৱশেষে আপোনাকো ভাবিবলৈ বাধ্য কৰিব একালৰ সমৃদ্ধিশালী গাওঁখনৰ কথা..।কুলধৰা,ৰাজস্হানৰ জয়ছালমেৰ চহৰৰ পৰা মাত্ৰ সোতৰ কিলোমিটাৰ দূৰৈত অৱস্হিত এখনি পৰিত্যক্ত গাওঁ।গাওঁখনৰ অ'ত-ত'ত সিচৰিঁত হৈ পৰি থকা ভগ্নাৱশেষ,অক্ষত অৱস্হাত থকা কিছু ঘৰ আদি দেখিলে আপুনিও অনুভৱ কৰিব পাৰিব গাওঁখনত পূৰ্বতে বিৰাজ কৰা এক উন্নত সভ্যতাৰ কথা।
            কিন্তু কি কাৰণত আজি এনেদৰে পৰিত্যক্ত হৈ থাকিবলগা হৈছে এই ৰহস্যময় গাওঁখন?ইয়াকে লৈ শ শ বছৰ ধৰি বিভিন্ন ৰহস্যময় জনশ্ৰুতি প্ৰচলিত হৈ আহিছে।স্হানীয় অধিবাসীসকলৰ মতে আজিৰ পৰা প্ৰায় তিনিশ বছৰ আগতে অন্যান্য গাওঁৰ দৰেই কুলধৰাতো মানুহে এক সুন্দৰ জীৱন-যাপন কৰিছিল।কিন্তু সেই সুখী জীৱন জীয়া মানুহবোৰৰ কপালত লিখা আছিল আন এক দুখৰ জীৱন।সেই সময়ত প্ৰায় পোন্ধৰশ পালিৱাল ব্ৰাক্ষ্মণ পৰিয়ালে জয়ছালমেৰ ৰাজ্যৰ ভিতৰুৱা কুলধৰাৰ এই অঞ্চলটোত বসবাস কৰিছিল।এই গাওঁৰ মূৰব্বীৰ এগৰাকী দিপলিপ সুন্দৰী জীয়াৰী আছিল।কিন্তু বিধিৰ বিপাকত সেই সুন্দৰীৰ ওপৰত চকু পৰিল সেই সময়ৰ ৰাজ্যৰ ক্ৰুৰ প্ৰধানমন্ত্ৰী ছালিম সিঙৰ।ছালিম সিঙে সেই সুন্দৰীক তেওঁক গতাই দিবলৈ গাওঁবাসীক নিৰ্দেশ দিলে।অন্যথা সমস্ত গাওঁবাসীক হত্যা কৰা হ'ব বুলিও ভাবুকি দিলে।কিন্তু নাৰীক সন্মান কৰা গাওঁবাসীয়ে ক্ৰুৰ,নাৰীলোভী ছালিম সিঙক গাওঁৰ জীয়াৰীক গতাই নিদিবলৈ পণ ল'লে।কুলধৰা আৰু ওচৰ পাজৰৰ ৮৫ খন গাওঁৰ গাওঁবাসীয়ে গাওঁসভাৰ আহ্বান কৰিলে আৰু সেই সভাৰ সিদ্ধান্ত অনুসৰি ৰাতিয়েই গাওঁ এৰি অন্য ঠাইলৈ আতঁৰি গুচি গ'ল।ছালিম সিঙে তাৰ ভূ-কে নাপালে।এইদৰে মাত্ৰ এটা ৰাতিৰ ভিতৰতে জীয়াৰীৰ ৰক্ষাৰ হেতু গাওঁবাসীয়ে নিজৰ উপৰিপুৰুষে পাতি যোৱা  গাওঁ এৰিবলগা হোৱাত সকলোৰে নাজল-নাথল অৱস্হা হ'ল।আৰ্জিত সকলো সা-সম্পদ এৰি থৈ তেওঁলোকে মাত্ৰ জীৱনটো লৈ পলাই যাব লগা হোৱাৰ দুখে-শোকে জৰ্জৰিত গাওঁবাসীৰ মাজত কান্দোনৰ ৰোল উঠিল।ইনাই-বিনাই কান্দি -কাতি সমস্ত গাওঁবাসীয়ে যাবৰ পৰত  অভিশাপ দি গ'ল যে কোনোকালেই সেই গাৱঁত কোনেও বসতি কৰিব নোৱাৰিব আৰু সেই বাবেই আজিও ইয়াত কোনেও বসবাস কৰিব পৰা নাই।
         আন এক জনশ্ৰুতিমতে,গাওঁবাসীয়ে নিষ্ঠুৰ ছালিম সিঙে হঠাৎ বৃদ্ধি কৰা কৰৰ বোজা বহন কৰিব নোৱাৰি সেই ঠাইৰ পৰা পলাই গৈ পশুপালনৰ বাবে উপযুক্ত আন ঘাহঁনি অঞ্চলত বসবাস কৰিবলৈ লৈছিল।অৱশ্যে স্বাভাৱিকতেই প্ৰথম জনশ্ৰুতিটো জনসমাজত বেছিকৈ প্ৰচাৰিত হৈ আহিছে।  ওচৰ পাজৰৰ গাওঁবোৰত ইতিমধ্যে বসতি গঢ়ি উঠিছে যদিও কুলধৰা গাওঁত হাজাৰ চেষ্টাৰ পাছতো বসতি সম্ভৱ হৈ নুঠিল।একাংশই অস্বীকাৰ কৰিলেও আন একাংশৰ মতে আজিও দিনৰ ভাগতে এই গাওঁ ফুৰিবলৈ যোৱা বহুতে সেই শোকাতুৰ গাওঁবাসীৰ কান্দোন,শস্য পিছা পটাগুটিৰ শব্দ,সৰু ল'ৰা-ছোৱালীৰ মাত আদি শুনিবলৈ পোৱা বুলি দাবী কৰে।ইতিমধ্যে বহু অগ্ৰণী নিউজ চেনেলে ইয়াকে লৈ তথ্যচিত্ৰও নিৰ্মাণ কৰিছে। বৰ্তমান এই গাওঁখন আৰ্কিওলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ দ্বাৰা ঐতিহ্যক্ষেত্ৰ হিচাপে সংৰক্ষিত হৈ আছে।
(তথ্যসমূহ বাতৰিকাকত,ইন্টাৰনেট আদিৰ পৰা সংগ্ৰহ কৰা।ইয়াৰ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে পাঠকৰ নিজস্ব দৃষ্টিভংগীৰ ওপৰত।ইয়াৰ সত্যতা সম্বন্ধে আমি কোনো দাবী নকৰো।আমি মাত্ৰ জ্ঞান আৰু মনোৰঞ্জনৰ হেতু ইয়াক পাঠকলৈ আগবঢ়াইছো।)