ভাৰত বুৰঞ্জীৰ উল্লেখনীয় যুদ্ধসমূহ আৰু সময়

ভাৰত বুৰঞ্জীৰ উল্লেখনীয় যুদ্ধসমূহ আৰু সময়




                               Credit: Pixabay.com

1.হাইডাছপেজৰ যুদ্ধ-৩২৬ খ্ৰী:পূ:
(গ্ৰীক বীৰ আলেকজেণ্ডাৰে পুৰুক পৰাস্ত কৰিছিল।)

2.কলিংগৰ যুদ্ধ-২৬১ খ্ৰী:পূ:
(সম্ৰাট অশোকে কলিংগৰ ৰজাক পৰাস্ত কৰিছিল)

3.তৰাইনৰ প্ৰথম যুদ্ধ-১১৯১ খ্ৰীষ্টাব্দ
(পৃথ্বীৰাজ চৌহানে মহম্মদ ঘোৰীক পৰাস্ত কৰিছিল)

4.তৰাইনৰ দ্বিতীয় যুদ্ধ-১১৯২ খ্ৰীষ্টাব্দ
(মহম্মদ ঘোৰীয়ে পৃথ্বিৰাজ চৌহানক পৰাস্ত কৰিছিল।)

5.পাণিপথৰ প্ৰথম যুদ্ধ-১৫২৬  খ্ৰীষ্টাব্দ
( বাবৰে ইব্ৰাহিম লোডীক পৰাস্ত কৰে আৰু ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে।)

6.চৌচাৰ যুদ্ধ-১৫৩৯ খ্ৰীষ্টাব্দ
(ছেৰশ্বাহে মোগল শাসক হুমায়ুনক পৰাস্ত কৰিছিল)

7 .পাণিপথৰ দ্বিতীয় যুদ্ধ-১৫৫৬ খ্ৰীষ্টাব্দ
(আকবৰৰ মন্ত্ৰী বৈৰাম খাঁই মহম্মদ শ্বাহ আদিলৰ মন্ত্ৰী হিমুক পৰাস্ত কৰে)

8.টালিকোটৰ যুদ্ধ-১৫৬৫ খ্ৰীষ্টাব্দ
(গোলকুণ্ডা,আহমদনগৰ আৰু বিজাপুৰৰ মিত্ৰশক্তিয়ে
বিজয়নগৰৰ শাসক সদাশিৱ ৰায়ৰ ক্ষমতাশালী মন্ত্ৰী ৰামৰায়ৰ সৈন্যবাহিনীক পৰাস্ত কৰিছিল)

9.হলদিঘাটৰ যুদ্ধ-১৫৭৬ খ্ৰীষ্টাব্দ
(মোগল সেনাই মেৱাৰৰ ৰাণা বীৰ প্ৰতাপ সিংহক পৰাস্ত কৰিছিল)

10.নাদিৰ শ্বাহৰ আক্ৰমণ-১৭৩৯ খ্ৰীষ্টাব্দ
(ইৰাণৰ শাসক নাদিৰ শ্বাহে মোগল সম্ৰাট মহম্মদ শ্বাহৰ সেনাক পৰাজিত কৰিছিল)

11.পলাছীৰ যুদ্ধ-১৭৫৭ খ্ৰীষ্টাব্দ
(ৰবাৰ্ট ক্লাইভ নেতৃত্বাধীন ইংৰাজ বাহিনীয়ে বংগৰ নবাৱ  ছিৰাজ উদ্দৌলাক পৰাস্ত কৰিছিল)

12.ৱাণ্ডিৱাছৰ যুদ্ধ-১৭৬০ খ্ৰীষ্টাব্দ
( ইংৰাজ সেনাপতি ছাৰ কুটেই ভাৰতস্হ ফৰাছী গৱৰ্ণৰ কাউণ্ট লালীক পৰাস্ত কৰিছিল)

13.পাণিপথৰ তৃতীয় যুদ্ধ-১৭৬১ খ্ৰীষ্টাব্দ
(আফগানিস্তানৰ শাসক মহম্মদ শ্বাহ আবদালিয়ে মাৰাঠাসকলক পৰাস্ত কৰিছিল)

14.বক্সাৰ যুদ্ধ-১৭৬৪ খ্ৰীষ্টাব্দ
(মুনৰোৰ নেতৃত্বাধীন ইংৰাজ বাহিনীয়ে মীৰ কাছিম আৰু অযোধ্যাৰ নৱাব ৱাজিৰক পৰাস্ত কৰিছিল)

15.মহীশূৰৰ চতুৰ্থ যুদ্ধ-১৭৯৯ খ্ৰীষ্টাব্দ
(আৰ্থাৰ ৱেলেছলীৰ নেতৃত্বাধীন ইংৰাজ বাহিনীয়ে টিপু চুলতানক পৰাস্ত কৰে)

16 .চিপাহী বিদ্ৰোহ-১৮৫৭ খ্ৰীষ্টাব্দ
(ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ হিচাপে পৰিচিত এই যুদ্ধত সকলো দেশীয় শাসক আৰু সেনাবাহিনী ইংৰাজ সেনাবাহিনীৰ দ্বাৰা পৰাজিত হয়)

17.ইণ্ডো-চীন যুদ্ধ-১৯৬২ খ্ৰীষ্টাব্দ
(চীনৰ দ্বাৰা ভাৰত আক্ৰমণ)

18.ইণ্ডো-পাক যুদ্ধ-১৯৬৫ খ্ৰীষ্টাব্দ
(ভাৰত আৰু পাকিস্তানৰ মাজত এক অনিৰ্ণায়ক যুদ্ধ)

19.দ্বিতীয় ইণ্ডো-পাক যুদ্ধ-১৯৭১ খ্ৰীষ্টাব্দ
(ভাৰতৰ জয়লাভ)

20.কাৰ্গিল যুদ্ধ-১৯৯৯ খ্ৰীষ্টাব্দ
(ভাৰতীয় সেনাই কাৰ্গিলক পাকিস্তানি আক্ৰমণৰ পৰা মুক্ত কৰে)