এছিয়াৰ আটাইতকৈ ভয়ংকৰ ঠাই-ভানগঢ় দুৰ্গ

 এছিয়াৰ আটাইতকৈ ভয়ংকৰ ঠাই-ভানগঢ় দুৰ্গ





Source:wikimedia
Source link






ৰহস্যময় জগত-3

দুৰ্গৰ প্ৰবেশদ্বাৰৰ মুখতে দেখা পোৱা যায় ভাৰতীয় পুৰাতত্ব বিভাগৰ দ্বাৰা জাৰী কৰা  পকী নিৰ্মিত হিন্দীত লিপিবদ্ধ এখনি জাননী,যাৰ অসমীয়া অৰ্থ চমুকৈ এনেধৰণৰ-"সূৰ্যাস্তৰ পাছত আৰু সূৰ্যোদয়ৰ পূৰ্বে এই দুৰ্গত প্ৰৱেশ কৰা নিষেধ।নিয়ম ভংগ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্হা লোৱা হ'ব।"এইয়ে ভানগঢ় দুৰ্গ,যি ভূতৰ বাসস্হান বুলি পৰিচিত।কোনো কোনোৱে ইয়াক পৃথিৱীৰ আটাইতকৈ ৰহস্যময় আৰু ভূতীয়া ঠাইবোৰৰ মাজত ঠাই দিব খোজে।আন একাংশই আকৌ এছিয়াৰ আটাইতকৈ ভূতীয়া ঠাইবোৰৰ মাজত ইয়াক প্ৰথমস্হানত ৰাখিছে।
          
  ভানগঢ় দুৰ্গ ৰাজস্হানৰ আলৱাৰ জিলাত অৱস্হিত। ১৫৭৩ খ্ৰীষ্টাব্দত অম্বৰ(জয়পুৰ)ৰ ৰাজপুত ৰজা ভগৱন্ত দাসে ইয়াৰ নিৰ্মাণ কৰাইছিল তেওঁৰ সৰু পুত্ৰ মাধৌ সিঙৰ বাসস্হান হিচাপে।মাধৌ সিং মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ বিখ্যাত নৱৰত্নৰ মাজৰ এজন তথা সেনাপতি মান সিঙৰ ভাতৃ আছিল।বৰ্তমান এই দুৰ্গৰ ৰক্ষণাবেক্ষণ আৰু চোৱা-চিতাৰ দায়িত্বত আছে ভাৰতীয় পুৰাতত্ব বিভাগ আৰু এই বিভাগৰ দ্বাৰাই ওপৰত উল্লেখিত জাননীখন দুৰ্গৰ সন্মুখত লিপিবদ্ধ কৰা আছে।কিন্তু চৰকাৰী সংস্হা এটাই এনেদৰে জাননী জাৰী কৰাৰ আৰঁত আছে কি?ভাৰতবৰ্ষৰ অন্যান্য দুৰ্গবোৰততো তেনে কোনো জাননী দিয়া হোৱা নাই!জনসাধাৰণৰ মাজত কিয় এই দুৰ্গ ভূতীয়া দুৰ্গ হিচাপে খ্যাত?সচাঁকৈয়ে বেলি ডুবাৰ লগে লগে ইয়াত সাৰ পাই উঠে নেকি অবিনাশী আত্মাবোৰ?ইয়াৰ আৰঁৰ ৰহস্য কি?
    এক জনশ্ৰুতিমতে এই দুৰ্গত বাস কৰিছিল অতিকৈ সুন্দৰী ৰাজকুমাৰী ৰত্নাৱতী।মাধৌ সিঙৰ পুত্ৰ ছত্ৰ সিঙৰ জীয়াৰী অপৰূপা সুন্দৰী ৰাজকুমাৰী ৰত্নাৱতী। ৰত্নাৱতীৰ ৰূপৰ বৰ্ণনা সেই সময়ত ভাৰতবৰ্ষৰ চুকে-কোণে বিয়পি পৰিছিল।অসংখ্য পাণি প্ৰাৰ্থীৰ প্ৰস্তাৱে গৌৰাম্বিত কৰি তুলিছিল ভানগঢ়ক।দৈৱ দুৰ্বিপাকত ৰত্নাৱতীৰ ওপৰত চকু পৰিল এজন ক'লা যাদুৰ সাধকৰ।সাধকে ৰত্নাৱতীক পাবলৈ মন মেলি কাম আৰম্ভ কৰিলে।ৰাজকুমাৰীৰ বাবে প্ৰসাধন সামগ্ৰী কিনিবলৈ যোৱা দাসীক অনুসৰণ কৰি সাধকে  এটি সুগন্ধিৰ বটল দাসীয়ে গম নোপোৱাকৈ সামগ্ৰীসমূহৰ মাজৰ পৰা ল'লে আৰু তাত মন্ত্ৰ মাৰি পুনৰ থৈ দিলে।সাধকে এনেদৰে মন্ত্ৰ মাৰিলে যাতে যিয়ে সেই সুগন্ধি ব্যৱহাৰ কৰিব সিয়ে সাধকৰ প্ৰেমত পৰিব আৰু নিজে নিজে সাধকৰ প্ৰতি আকৰ্ষিত  হৈ তাৰ ওচৰলৈ গুচি আহিব।কিন্তু ৰাজকুমাৰীয়ে চোৰাংচোৱাৰ মুখে এই কথা গম পালে।(স্হানীয় কিছুলোকৰ মতে ৰাজকুমাৰীয়ে নিজেও ক'লা যাদুৰ সাধনা কৰিছিল,যাৰ ফলত সুগন্ধিৰ বটলতো হাতত পৰামাত্ৰে ক'লা যাদুৰ উপস্হিতিৰ উমান পাইছিল।)ৰাজকুমাৰীয়ে সুগন্ধিখিনি ব্যৱহাৰ নকৰি খঙতে দুৰ্গৰ বাহিৰৰ এক বিশাল শিলক লক্ষ্য কৰি বটলটো দলিয়াই পেলাই দিলে ।তেতিয়া শিলটো ক'লা যাদুৰ প্ৰভাৱত নিজে নিজে চলি গৈ দুৰ্গৰ নামনিত বাস কৰা সাধকৰ ওপৰত পৰিল আৰু সাধকৰ মৃত্যু হ'ল।কিন্তু মৰাৰ আগতে সাধকে ৰাজকুমাৰী আৰু তাইৰ পৰিয়ালক অভিশাপ দি গ'ল যে তেওঁলোকৰ শীঘ্ৰেই অপমৃত্যু ঘটিব আৰু গোটেই ৰাজ্য ধ্বংস হ'ব।সচাঁকৈয়ে তাৰ পাছৰ বছৰতে চুবুৰীয়া আজবগঢ়ৰ সৈতে ভানগঢ়ৰ এখন বিৰাট যুদ্ধ হ'ল যাৰ ফলত ভানগঢ়ৰ পতন হ'ল।ৰাজকুমাৰী ৰত্নাৱতীয়ে জোহৰ প্ৰথাৰে মৃত্যুবৰণ কৰা বুলি প্ৰচাৰিত হয়।
          আন এক শ্ৰুতি অনুসৰি,ভানগঢ় দুৰ্গ যিখন পাহাৰৰ ওপৰত বিৰাজমান,সেই পাহাৰৰ শীৰ্ষভাগত ভানগঢ় দুৰ্গৰ ৰ্নিৰ্মাণৰ পূৰ্বৰে পৰা গুৰু বালু নাথ নামেৰে এজন সাধু বাস কৰিছিল।ঐশ্বৰিক শক্তিৰ অধিকাৰী সেই সাধুয়ে এক চৰ্ত অনুসৰি ৰজা ভগৱন্ত দাসক  পাহাৰৰ ঢালত ভানগঢ় নিৰ্মাণৰ অনুমতি দিছিল।চৰ্ত আছিল এই যে ভানগঢ়ৰ ভিতৰত নিৰ্মাণ হোৱা কোনো ঘৰেই কেতিয়াও পাহাৰৰ শীৰ্ষত অৱস্হিত সাধুৰ সৰু জুপুৰিটোৰ উচ্চতাক অতিক্ৰম কৰিব নোৱাৰিব আৰু কোনো ঘৰৰ ছাঁ জুপুৰীটোত পৰিব নালাগিব।কিন্তু ৰজা আজৱ সিঙৰ দিনত নিৰ্মাণ কৰা এক উচ্চ স্তম্ভই সাধুৰ জুপুৰীৰ উচ্চতাক অতিক্ৰম কৰাত আৰু তাৰ ছাঁই জুপুৰিটো ঢাকি ধৰাত এই চৰ্ত উলংঘা হ'ল।ফলত সাধুৱে অভিশাপ দিয়ে আৰু মাৰি -মৰক,যুদ্ধ-বিগ্ৰহ আদিত ভানগঢ় ধ্বংসস্তূপত পৰিণত হয়।
       স্হানীয় অধিবাসীসকলৰ মতে প্ৰত্যেক ৰাতিয়েই দুৰ্গৰ ভিতৰৰ পৰা আওমৰণে মৰা প্ৰজাগণৰ চিঞৰ,ৰাজকুমাৰীৰ প্ৰাসাদৰ পৰা বিভিন্ন শব্দ,নৰ্তকীৰ হাবেলীৰ পৰা ঘুংগুৰু আদিৰ শব্দ ভাহি অহা শুনিবলৈ পোৱা যায়।ভানগঢ়ৰ ওচৰে পাজৰে নতুনকৈ গঢ়ি উঠা গাওঁখনৰ বাসিন্দাসকলৰ মতে দিনত নিৰ্জন হৈ থকা ভানগঢ়ত ৰাতি হোৱাৰ লগে লগে অশৰীৰি আত্মাবোৰৰ চলাচল আৰম্ভ হয়।দুৰ্গ ফুৰিবলৈ যোৱা বহুতো লোকেও দিনৰ ভাগতে নেতিবাচক শক্তিৰ প্ৰভাৱ অনুভৱ কৰা বুলি দাবী কৰে ।এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত  ভাৰতীয় পুৰাতত্ব বিভাগে বৰ্তমান দিনৰ ভাগত ভানগঢ় দুৰ্গক পৰ্যটনৰ বাবে খোলা ৰাখি ৰাতিৰ ভাগত দুৰ্গৰ ভিতৰত প্ৰবেশ নিষিদ্ধ কৰিছে আৰু দুৰ্গৰ সমুখত জাননী লিপিবদ্ধ কৰিছে।কোনো ষ্পষ্ট প্ৰমাণ নাই যদিও আজিও স্হানীয় জনগণে এই গঢ়ক ভূতীয়া দুৰ্গ হিচাপে মানি আহিছে।এই ঘটনা আৰু তথ্যবোৰৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে যদিও কোনেও ইয়াৰ শুদ্ধ আৰু  বিশ্বাসযোগ্য সিদ্ধান্ত আজিকোপতি দিব পৰা নাই।
(তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগৃহীত।ইয়াৰ সত্যতা সম্বন্ধে আমি কোনো দাবী নকৰো।আমি কেৱল জ্ঞান আৰু মনোৰঞ্জনৰ হেতু ইয়াক পাঠকলৈ আগবঢ়াই দিছো।)