মাঝি:পাহাৰৰ কঠিন বুকুত প্ৰেমৰ বাট কটা দুৰন্ত প্ৰেমিক
পিছে সিদিনা ফাল্গুনী আন দিনাৰ দৰে গিৰিয়েকৰ বাবে আহাৰ লৈ নাহিল।ভোকাতুৰ মাঝি বহু সময় বাট চাই ৰ'ল।ভোকে কোঁচাই অনা পেটটোৰ লগতে মনটোও কিবা কোঁচ খাই আহিছিল।মূৰত জুই জলোৱা ৰ'দটো বাঢ়ি অহাৰ লগে লগে কোনোদিনে এটাও গালি পাৰি নোপোৱা ফাল্গুনীৰ প্ৰতিও খং এটা বাঢ়ি আহিছিল।ৰদ'ৰ তাপত আধাগলা মানুহটো বৃহৎ শিল এটাৰ ছাঁত বহি পৰিল।
কিছু সময় তেনেকৈ ভোকে-পিয়াহে বহি থকাৰ পাছতে কোনোবা এজন তেওঁৰ ফালেই দৌৰি অহা যেন দেখা পাই তেওঁ অলপ আগবাঢ়ি গ'ল।ফোপাই-জোপাই কোনোমতে উশাহটো লৈ আগন্তুকজনে কোৱা কথাকেইটা শুনি তেওঁৰ মূৰত যেন সৰগহে ভাগি পৰিল।ভোক-পিয়াহ সকলো পাহৰি তেওঁ কেৱল দৌৰিছে,কেৱল দৌৰিছে।কাণত বাজি আছে এটা বাক্য-"ফাল্গুয়ে পাহাৰৰ পৰা তললৈ পৰি কঁকাল আৰু মূৰত বেয়াকৈ দুখ পাইছে"।
ঘৰ পাই ফাল্গুনীৰ ৰূপ দেখি তেওঁ বাক্ ৰূদ্ধ হৈ পৰিল।ফাল্গুনীৰ চিৎকাৰত টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে মাঝিয়ে স্হিতি ঘূৰাই পালে।ততাতৈয়াকৈ দুহাতেৰে ফাল্গুনীক দাঙি লৈ মাঝিয়ে কেৱল দৌৰিছে যোজনৰো অধিক আতঁৰত থকা চৰকাৰী হস্পিতালখনৰ ফালে।পাহাৰীয়া শিলাময় ৰাস্তাৰ এফলীয়া শিলে ভৰি কাটি ৰক্তাক্ত কৰি পেলাইছে।তাৰ পাছতো মাঝি থমকি ৰোৱা নাই।কেৱল মাত্ৰ দৌৰিছে হস্পিতালখনৰ ফালে।মাজে মাজে মাথো মনেৰে ভগৱানক খাটিছে,ভগৱান দয়া কৰা!কিন্তু মাঝিৰ সকলো চেষ্টা অথলে গ'ল।শেষবাৰৰ বাবে প্ৰিয়তম স্বামীক এবাৰ ভালদৰে চকু মেলি চাই সংসাৰৰ মায়া এৰি ফাল্গুনী গুচি গ'ল কোনোবা অজান মুলুকলৈ।দুহাতৰ মাজত প্ৰিয়তমা পত্নীৰ নিথৰ দেহটো সাৱটি মাঝি নিস্তব্ধ হৈ ৰ'ল।পাছমূহূৰ্ততে ভাষাহীন দুখৰ বন্যাত মাঝি উটি গ'ল.....বাণবিদ্ধ হৰিণাৰ দৰে ছটফটাই থাকি এটা সময়ত মাঝিও নীৰৱ হৈ পৰিল.....।
পত্নীৰ আকস্মিক মৃত্যুৰ আঘাত সহিবলৈ মাঝিক বেছ কিছুদিন সময় লাগিল।অনাই-বনাই অকলশৰীয়া মানুহজনে বহু ঠাই ঘূৰিলে।বহুদিনৰ মূৰত তেওঁ গাঁৱলৈ ঘূৰি আহিল।কাকো একো নোকোৱাকৈ সিদিনাৰ পৰা তেওঁ কেৱল পাহাৰটো কাটিবলৈ লাগি গ'ল ।হাতত সঁজুলি বুলিবলৈ মাত্ৰ এটা হাতুৰী আৰু এটা বটালী ।মুখত বিৰবিৰাই থাকে মাথো একেটি কথা"পাহাৰ, তোৰ বুকুত মই ৰাস্তা কাটিম ,তোৰ উচ্চ শিৰ পদানত কৰিম,আৰুএজনী ফাল্গুনীক মই কেতিয়াও মৰিবলৈ নিদিওঁ ।"যিয়ে দেখিলে সিয়ে ক'লে"কি যে পাগল মানুহ!এটা মাত্ৰ হাতুৰী আৰু বটালীৰে পাহাৰ কাটে!"
সেই যে আৰম্ভ কৰিলে,বাইশ বছৰ তেওঁ পাহাৰকে কাটিলে।পাহাৰৰ বুকুত তেওঁ নিৰ্মাণ কৰিলে ১১০ মিটাৰ দীঘল,৯.১ মিটাৰ বহল আৰু ৭.৬ মিটাৰ গভীৰ এটি পথ।পাহাৰৰ শিলাময় বুকুত তেওঁৰ প্ৰেমৰ দলিচা মেলিলে।আত্ৰি ব্লকৰ পাহাৰীয়া গেহলুৰ গাঁৱতএতিয়া কোনো ফাল্গুনী নমৰে,মানুহবোৰে নৱজীৱন পালে। সেই পাহাৰৰ মাজৰ পথেৰে এতিয়া বিহাৰৰ গয়াৰ ওচৰৰ আত্ৰি ব্লক আৰু ৱাজিৰগঞ্জৰ মাজৰ দূৰত্ব পূৰ্বৰ ৫৫ কিলোমিটাৰৰ ঠাইত ১৫ কিলোমিটাৰলৈ হ্ৰাস পালে।হস্পিতালখনো নিচেই ওচৰত যেন লগা হ'ল।চৰকাৰে ৰাস্তাও বনালে, গাৱঁবাসীৰ দৃষ্টিত মাঝি এতিয়া দেৱতাসম । কিন্তু গাঁৱৰ মানুহবোৰৰ সেই সুখী মুখবোৰ চাবলৈ আৰু প্ৰশংসাৰ টোপোলা বুটলিবলৈ দশৰথ মাঝি জীয়াই নাথাকিল।১৯২৯ চনৰ পৰা জীৱনৰ এক দীৰ্ঘ পৰিক্ৰমা আৰম্ভ কৰি,অশেষ ঘাত-প্ৰতিঘাত অতিক্ৰমি ২০০৭ চনৰ স্বাধীনতা দিৱসৰ এদিনৰ পাছতে ১৭ আগষ্ট তাৰিখে সংসাৰৰ মায়া এৰি গুচি গ'ল এইজন দুৰন্ত প্ৰেমিক ।
মাঝি গুচি গ'ল,ৰাখি থৈ গ'ল প্ৰেমৰ এক অবিনাশী আদৰ্শ । প্ৰেমৰ দলিচা হেন "মাঝি পথ" আজিও আছে গৰীৱৰ প্ৰেমৰ সাক্ষী হৈ,যেনেকৈ তাজমহল আছে সম্ৰাট ছাহজাহানৰ দৰে বিলাসীৰ প্ৰেমৰ স্মৃতিসৌধ হৈ....
দুচকুৰে আপোনাৰ দেখিছে যদি সত্য,কওক তেন্তে শ্ৰেষ্ঠ প্ৰেমিক কোন?সম্ৰাট ছাহজাহান নে গৰীব মাঝি?
(অনিচ্ছাকৃত ভুলৰ বাবে দুঃখিত ।তথ্যসমূহ কাকতৰ পৰা সংগৃহীত ।টাইপিংত হোৱা অসুবিধাৰ বাবে কিছু ভুল দেখা গৈছে।)
মাঝি,প্ৰেম,দশৰথ মাঝি,ফাল্গুনীদেৱী,তাজমহল ,প্ৰেমৰপথ,মাঝিপথ,শ্ৰেষ্ঠপ্ৰেমিক,