ধৰ্মনো বোলে কাক?

              

ধৰ্মনো বোলে কাক?                  


              



সপোনতে সুধিলো তাক

ধৰ্মনো বোলে কাক?

গিলি থৈ হাঁহিৰ এটি জাক

সি ক'লে,"ধৰ্মই বোলে সকলো মিলি থাক্" ।



ধৰ্মৰ পিছে কোন দিশে বাট

পায়গৈ নেকি এই বাটেৰে জীৱন নদীৰ ঘাট?

অহিংসাৰ পালনেই ধৰ্মৰ বাট

সততাৰেই পাবগৈ পাৰি জীৱন নদীৰ ঘাট ...



ধৰ্মৰ আছে নেকি কিবা ৰং?

তাৰ মুখত দেখিলো বিশেষ এটি ঢং।

(হয়তো মোৰ  প্ৰশ্নটোৱেই......!)

উম্,ধৰ্মৰ আছে বগা ৰং

তাতে মিলি থাকে ৰামধেনুৰ সাতো ৰং

বিচাৰি নাপায় মানৱে প্ৰকৃত ৰহণ

সেয়ে নিজৰ মাজতে বিচাৰ  কৰে বৰণ

কৰি থাকে ৰণ

মৰি থাকে অগণন ...



তাৰ মানে ধৰ্মই পোতে নেকি বিভেদৰ খুঁটি?

ওঁহো,ধৰ্মই বোৱাই মিলনৰ সুঁতি

ধৰিব নোৱাৰি ইয়াৰ গতি

অগিয়ানী মানৱ গুচি যায় উটি...



পিছে আমি পিন্ধো শংকৰ-আজানৰ চোলা

আই অসমীৰ বুকুত বহি থাকে সম্প্ৰীতিৰ মেলা

(তাচ্ছিল্যৰ হাঁহিৰে সি ক'লে-)

পিছে তাতেই দেখোন এতিয়া সংকটৰ বেলা

সকলোতে খেলিছে তেজৰ ফাকু খেলা...



কিছুপৰ তাতেই থৰ হৈ ৰ'লো

বুকু ভঙা হুমুনিয়াহটো চেপি ৰাখিলো

মনটোক আঁটি আঁটি বান্ধিলো

কায়া এৰি মনেৰে গংগা ভাবি লুইততে জঁপিয়ালো ।