শিশুবোৰৰ লগত এনেয়ে কেতিয়াবা বাৰে ভচহু কথাবোৰ পাতি ভাল লাগে।সিহঁতৰ নিষ্পাপ আৰু হাঁহি ভৰা মুখবোৰ দেখিলে মনটো শৈশৱলৈ উৰা মাৰে......।
দদাইদেউৰ নাতিনীজনী আহিছিল আজি।এইবাৰ স্কুলত দিছে।পুঠাদেউৱেকৰ ঘৰলৈ আহিলে দিনটোত দুই -তিনিবাৰমান মোৰ ওচৰলৈ আহে।বৰ ভাল পায় মোক।তাই আহিলে মইয়ো বৰ ভাল পাওঁ ।তাইৰ সেই সৰু মুখখনেৰে অনৰ্গল কৈ যোৱা বাৰে-বিংকৰা কথাবোৰ শুনি বৰ ৰস পাওঁ ।ইমান কম বয়সতে তাইৰ মুখত বহু শব্দৰ স্পষ্ট আৰু সঠিক উচ্চাৰণ।আজিও মোৰ ওচৰলৈ আহিয়েই তাই কথাৰ পাতনি মেলিলে-"অ' নিচা,ডাৱৰবোৰ ক'লৈ গৈছে ইমান ওপৰেদি?"
পিছফালৰ চোতালতে বহি ফোনটোক লৈ ব্যস্ত থকা মই ফোনটো একাষৰীয়া কৰি থৈ ক'লো-"গধূলি নামিবৰ হ'ল যে,সেইকাৰণে ডাৱৰবোৰ ঘৰলৈ উভতি গৈছে।"
: সিহঁতৰ ঘৰনো ক'ত আছে?আৰু গধূলিটো ক'ৰ পৰা নামিব?
উত্তৰ বিচাৰি নাপাই কথা সলাবলৈকে সুধিলো-"তোমাৰ পিছে বয়স কিমান হৈছে জানানে?"
একমুহূতও ৰৈ নাথাকি তাইৰ উত্তৰ-"চাৰি বছৰ পূৰ হৈ দুবছৰ চলি আছে"।
মুখখন হাতেৰে ঢাকি তাই নেদেখাকৈয়ে সৰুকৈ হাঁহি এটা মাৰি আকৌ সুধিলো -"তুমি ৰাইম এটা গাব পাৰিবা ?"
:উমম,পাৰিম-বুলি কৈ তাই গোৱাৰ আগতে অৰ্থ ভাঙনি কৰাত লাগিল....
:জ'নি নামৰ ল'ৰা এটা আছিল মানে,সি এদিন চেনী চুৰ কৰি খাইছিলে।মাক মানে ঘৰত নাছিলে,বোকা(ভুঁই)ৰুব গৈছিলে।বাপেকে মানে ধৰা পেলাই তাক সুধিছে.........।
তাইৰ অৰ্থ ভাঙনি কৰি শেষ হোৱাৰ পাছত এবাৰ ওপৰলৈ চালে।কিবা এটা যেন মনলৈ আহিল।বহি থকা চকীখনৰ পৰা নামি আহি এইবাৰ মোৰ কোলাত বহিলহি।
:জোনবাইজনী ৰাতি নুশুৱে নেকি নিচা?
তাইৰ প্ৰশ্নটো শুনি আকাশখনলৈ চালো।সন্ধিয়া নামিবৰ হৈছে।আকাশৰ একোণত কাঁচিজোনটোৱে দেখা দিছে।
:উহু,নুশুৱে..
মই মূৰ জোকাৰি উত্তৰ দিলো।
বৰ কিবা ৰস পোৱাৰ দৰে তাই খিলখিলাই হাঁহি উঠিল।কোনোমতেহে যেন হাঁহিটো ৰাখিব পাৰিছে,তেনে ভাবত তাই ক'লে-"আমাৰ মাই একো নেজানে ..জোনবাইজনীক বেজি এটা খুজি থাকে...."তাই আকৌ খিলখিলাই হাঁহি উঠিল।
কৰ'বাৰ পৰা চৰাই এটাই পাখি কোবাই মূৰৰ ওপৰৰে উৰি যোৱা দেখি তাই চিঞৰি উঠিল-"সেইজনী চৰাই জোনবাইৰ ওচৰলৈ গৈছে।আমিও যাম কাইলৈ তাইৰ পিঠিত উঠি দেই নিছা।এনাইহঁতৰ কুকুৰা এজনী লৈ যাম মাংস খাবলৈ।"
মই হাঁহি এটাৰে মূৰ জোকাৰি সন্মতি জনালো।
কোলাৰ পৰা নামি গৈ তাই হঠাতে মুখেৰে শব্দ কৰি অংগী-ভংগীৰে গগণা বজাবলৈ আৰম্ভ কৰিলে।মাজে মাজে গান-"কু-কু কুলিয়ে বিনালে"ৰ পৰা আৰম্ভ কৰি অলেখ জোৰা-টাপলি মাৰি "মাছলৈ গৈছিলোং"ত শেষ।
ইতিমধ্যে সন্ধ্যা ভালকৈয়ে নামিব ধৰা দেখি "মই যাওঁ দেই নিচা"বুলি কৈ তাই দৌৰি গৈ দদাইদেউৰ ঘৰ সোমালগৈ।
তাইৰ লগত কটোৱা সেই সময়খিনিয়ে মোৰ মনলৈ স্মৃতিৰ জোৱাৰ নমাই আনিলে।ক্ৰমাৎ উজ্জল হৈ আহিব ধৰা জোনটোৰ দৰে স্মৃতিবোৰো উজ্জল হৈ আহিব ধৰিলে।চোতালৰ একাষে এখন বাঁহৰ চাং,তাতে গধূলি পৰত মই আৰু দেউতা আকাশলৈ মুখ কৰি শুই পৰো।দেউতাৰ হাতত এখন বিচনী।কেতিয়াবা মই আকাশৰ তৰাবোৰ গণি থাকো,কেতিয়াবা সাধু কব'লৈ দেউতাক খাটনি ধৰো।দেউতাইও মাত্ৰ দুটাই সাধু কয়-এটা হাদৈ আৰু মাদৈ,আনটো বুধিয়ক শিয়াল।মাজে মাজে কৃত্ৰিম উপগ্ৰহবোৰ ঢিমিক- ঢামাককৈ ওপৰৰে গৈ থকা দেখিলে সেইখন ৰকেট বুলি জাপ মাৰি উঠো(হাইস্কুল নোপোৱালৈকে সেইখন ৰকেট বুলিয়েই জানি আছিলো)।সাধু শেষ হোৱাৰ পাছত চাকিৰ পোহৰত উৰাই- ঘূৰাই
চিঞৰি চিঞৰি টোপনি নহালৈকে 'মাতৃভাষা'পঢ়ো।অলপ আগতে বাহিৰত দেখি অহা জোনটোকলৈ লিখা কবিতা পঢ়ো-"জোনৰ পিঠিত বহি আমি বনভোজ খাম,জিকমিক তৰাবোৰ ওচৰতে পাম"।
'ৰকেটত উঠি জোনৰ বুকুলৈ'যোৱাৰ স্বপ্নত আমাৰ শৈশৱৰ ৰাতিবোৰ মধুৰ হৈ উঠিছিল।ৰাতিপুৱা শুই উঠি অলপ পঢ়াৰ পাছত খোৱা-বোৱা কৰি সাজু হৈ স্কুল,স্কুলত বিৰতিৰ সময়খিনিত 'পাৰ-পানী' খেলা নাইবা বিনিময় কাৰ্য-এডাল পেঞ্চিলৰ সলনি দুটা মধুৰিআম,তিনিটা শিলিখাৰ সলনি এটা মিৰিকা..। স্কুলৰ পৰা আহি কাপোৰকেইটা সলায়েই মাৰ্বল খেলা।খেলাৰ মাজতে দবৰা-দবৰি,তাৰ পাছত পিঠিত মাৰ এচাৰিৰ কোব,মাৰ্বল নেখেলিবলৈ মাৰ সাৱধানবাণী,অন্যথা আকৌ এচাৰিৰ কোব। মাৰ সাৱধানবাণী পাহৰি অথবা লুকাই -লুকাই আকৌ মাৰ্বল ...অলপ আগতে দবৰা-দবৰি লগাটোৰ লগতেই আকৌ মিতিৰালি...।বিদ্যুৎ কেতিয়া আহিল নাজানো,গাঁৱখনৰ এমূৰে থকা খুৰাৰ ঘৰত এটা টিভি।সকলোৱে একেলগে বহি 'হাতিম' চাওঁ । তাৰ কিছুদিনৰ পাছত গাঁৱৰ বহুতৰে ঘৰত বিনামূলীয়াকৈ চৰকাৰীভাৱে বিদ্যুৎ সংযোগ...।লাহে লাহে ৰঙীন টিভি,তাৰপাছত কীপেড ফোনবোৰ আৰু শেষত স্মাৰ্টফোনবোৰে গাঁওখন ছানি ধৰিলে;লগতে গাঁৱৰ মানুহবোৰৰ মনবোৰো।এতিয়া সকলো কেৱল নিজক লৈ ব্যস্ত,ল'ৰাই মাৰ্বল খেলাৰ সলনি গোটেই আজৰি সময়খিনি কাৰ্টুন চাই কটায়।সমনীয়া এজনে আনজনৰ খবৰ নাৰাখে।গাঁৱৰে এজন ল'ৰাই আনজনক চিনি নাপায়।সকলোৰে প্ৰিয় বন্ধু এতিয়া স্মাৰ্টফোন ।সকলো সলনি হ'ল।আমাৰ স্মৃতিবোৰ এতিয়া সাধুকথা হ'ল।এতিয়া সপোনতে কেতিয়াবা হেৰুৱা শৈশৱ বিছাৰি ধৰফৰাই উঠো...😢
#Childhood,#Memories,#Alittlegirl,