পৱনতৃষ্ণা
প্ৰেম যে সকলোতে থাকে
প্ৰেমৰ ৰাগিতেই এই পৃথিৱী ঘূৰে
সঁচা প্ৰেমত সন্দেহে
বাটোৱালী মেলে..
তেনেকৈ নক'বা অ' বন্ধু,
তাই তেনে একো নকৰে ।
সঁচা মৰম বুটলা ছোৱালীজনীয়ে
টকাৰে প্ৰেমৰ বিনিময় কৰিব নোৱাৰে ।
এৰা বন্ধু,ঠিকেই আছিলা তুমি
মইহে আছিলো ভুৱা প্ৰেমৰ ৰাগিত বন্দী
টকাৰ সমুখত বিশ্বাস নৰজিল
মাতমৰাৰ গৰাৰ দৰে মৰমবোৰ খহিল,
বৰলুইতৰ বুকুতে সকলো উটিল..
তাইৰ বিশ্বাসঘাতকতাৰ ৰক্তবোমাই
নিশ্চল কৰি তোলে
মোৰ পিয়াঁজীমান কলিজাৰ
প্ৰতিডাল সিৰা..
কৰ্ণকুহৰত ঘূৰি থাকে
তাইৰ ওঁঠৰ
মাথো এটি উশাহ
"আমি দুয়ো সাতোজনমৰ প্ৰেমী".... ।