জোন গলা ৰাতিবোৰত
তৰা বছা চেলেংহেন আকাশ
এবাৰ গাত লৈ চাবৰ মন
কিমান যে ধুনীয়া!
মইনাই তৰা গণে
চোতালৰ এচুকৰ
বাহঁৰ চাঙতবহি
পিতাইয়ে কয়
হাদৈ-মাদৈৰ সাধুকথা....
জাৰণিত জিলিৰ চিঞৰ
আন্ধাৰ খেদি খেদি
শুই পৰে এটা
জোনাকী পৰুৱা...
অমাৱস্যাৰ আন্ধাৰত
শব্দবোৰে বাট হেৰুৱাই
উচুপি উঠে
ৰৈ ৰৈ বিনাই তেজীমলা
পাখি কোবাই উৰি যায় নিয়তি চৰাই....
শৃগালৰ ৰাৱে ভাঙে
নিশাৰ নীৰৱতা
চক খাই কান্দি উঠে
কোনোবা সদ্যোজাত....
ৰূপহী জোনে ডাৱৰত মুখ লুকুৱাই হাহেঁ
সেই হাহিঁত ত্ৰিভুৱন ভুলে....
আন্ধাৰ আৰু জোনাকতে কৰি আছো
জীৱনৰ হিচাপ নিকাছ...
ভুলবোৰৰচোন জাপৰ উপৰি জাপ
সঠিকবোৰৰচোন মাত্ৰ এটা কি দুটাহে জাপ!