চাৰিকড়ীয়া



                                            চাৰিকড়ীয়া                      



ৰূপোৱালী  জখলায়েদি নামি আহে

মোৰ জোনাকী বালিচৰলৈ

সুগন্ধি বতাহৰ গান...



জোনাকী ঔদাসীন্যতাত

মোৰ অন্বনৃ জুৰি বৈ যায়

চন্দাননী  বিষাদ...



মোৰ নিয়ৰাসিক্ত সেউজী পাৰত

উদ্ভিন্ন প্ৰভাতী অৰুণৰ কাঞ্চনী বেহা

প্ৰমুদিত কামচৰাইৰ কূজন

আৰু কোনো প্ৰতাপী গৰাকীৰ

 কইঁটাবিদ্ধ ম'হ-পোৱালিৰ বিফল আস্ফালন..



দুপৰৰ নিজানত ভাহি আহে

মোৰ পাৰৰে কদমত বহি বজোৱা

কোনোবা মিছিং ডেকাৰ

কৰুণ বাঁহীৰ সুৰ...

কনেংহতৰ খামুচীয়া ককাঁলৰ ভাঁজত

প্ৰকাশিত হয়

গুমৰাগ চঃমানৰ লয়লাস...