শ্ৰীশ্ৰীপদ্মনাভস্বামীৰ মন্দিৰ:বন্ধ দুৱাৰৰ সিপাৰৰ ৰহস্য

                                                                                                                                     



আমাৰ এই পৃথিৱীখন নানা ৰহস্যৰে পৰিপূৰ্ণ । অকল্পনীয় ৰহস্যময় ঘটনাবোৰে আমাক সততে ৰোমাঞ্চিত কৰি তোলে।আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰ এনে চৰম সময়তো প্ৰকৃতিত বহু ঘটনা আজিও ৰহস্য হৈয়ে আছে।বিজ্ঞানেও এই ঘটনাবোৰৰ সঠিক আৰু বিশ্বাসযোগ্য মতবাদ আগবঢ়াব পৰা নাই।তেনে কিছু ৰহস্যময় ঘটনাক লৈয়েই আৰম্ভ কৰিছো এক নতুন চিৰিজ " *ৰহস্যময় জগত* "।

*ৰহস্যময় জগত-১*

              শ্ৰীশ্ৰীপদ্মনাভস্বামীৰ মন্দিৰ:বন্ধ দুৱাৰৰ সিপাৰৰ ৰহস্য




পৃথিৱীৰ সবাতোতকৈ চহকী ধৰ্মীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম শ্ৰীশ্ৰীপদ্মনাভস্বামীৰ মন্দিৰ।কোনো কোনোৱে এই মন্দিৰক পৃথিৱীৰ ভিতৰতে আটাইতকৈ চহকী মন্দিৰৰ আখ্যা দিব খোজে।ভগৱান বিষ্ণুক প্ৰধান উপাস্য দেৱতা হিচাপে ইয়াত পূজা কৰা হয়।বৰ্তমানৰ কেৰেলা ৰাজ্যৰ তিৰুৱন্তপুৰমত অৱস্হিত এই মন্দিৰটোৰ নিৰ্মাণ কৰা হৈছিল "আঈ"(Ay)ৰাজবংশৰ দিনত আনুমানিক ১০ খ্ৰীষ্টপূৰ্বত ।ক্ৰমান্বয়ে কেইবাটাও ৰাজবংশৰ হাতলৈ যোৱাৰ পাছত এই মন্দিৰৰ অধিকাৰ ত্ৰাভাংকোৰৰ ৰাজপৰিয়ালৰ হাতলৈ যায় আৰু তেতিয়াৰ পৰাই ইয়াৰ চোৱা -চিতা ত্ৰাভাংকোৰৰ ৰাজপৰিয়ালে কৰি আহিছে।১৯৪৯ চনত  ত্ৰাভাংকোৰ ৰাজ্যক মহাৰাজ শ্ৰী চিত্থিৰা থিৰুনাল বলৰাম বৰ্মণে ভাৰতবৰ্ষৰ সৈতে চামিলকৰণৰ বাবে জনসাধাৰণৰ মতক সন্মান জনাই সন্মতি পত্ৰত স্বাক্ষৰ কৰে আৰু তেতিয়াৰ পৰাই ত্ৰাভাংকোৰ ভাৰত সংঘৰ অংগ হৈ পৰে। ইয়াৰ পাছতো কিন্তু শ্ৰীপদ্মনাভস্বামী মন্দিৰৰ পৰিচালনাৰ ভাৰ ৰাজপৰিয়ালৰ হাততে অৰ্পিত হৈ আছিল।বৰ্তমানে এই মন্দিৰটোৰ চোৱা -চিতা ৰাজপৰিয়ালৰ দ্বাৰা পৰিচালিত এটা ব্যক্তিগত ট্ৰাষ্টে কৰি আছে।লোকবিশ্বাস অনুসৰি এই মন্দিৰৰ ভেটিৰ তলত পৃথিৱীৰ আটাইতকৈ বৃহৎ খাজানাৰ ভাণ্ডাৰ লুকাই আছে।এক বিশ্বাসমতে এই খাজানাৰ ভাণ্ডাৰত বৃহৎ পৰিমাণৰ সোণ আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুকাই আছে যাৰ আনুমানিক মূল্য  প্ৰায় ১ লাখ কোটি টকা ।কিন্তু এই বৃহৎ পৰিমাণৰ খাজানাৰ আনুমানিক তথ্যক চেৰ পেলাই তাতকৈও বহু বেছি পৰিমাণৰ খাজানাৰ তথ্য পৃথিৱীবাসীৰ সন্মুখলৈ আহিছিল ২০১১ চনত, যেতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ইয়াৰ অনুসন্ধান কৰা হ'ল ।এতিয়া প্ৰশ্নটো হ'ল ইমান বৃহৎ পৰিমাণৰ খাজানা এই মন্দিৰলৈ আহিল কেনেকৈ?বহু বিশেষজ্ঞই মতপোষণ কৰে যে এই বৃহৎ পৰিমাণৰ খাজানাসমূহ এই মন্দিৰৰ নামত উচৰ্গা কৰিছিল ত্ৰাভাংকোৰ ৰাজবংশৰ প্ৰতিষ্ঠাপক মহাৰজা মাৰ্তণ্ড বৰ্মাই।মাৰ্তণ্ড বৰ্মা এজন অতি প্ৰতিপত্তিশালী আৰু দক্ষ ৰজা আছিল।তেওঁ বহু সৰু বৰ ৰজাক পৰাস্ত কৰি সমগ্ৰ দক্ষিণ কেৰেলাত আধিপত্য স্হাপন কৰিছিল আৰু বৃহৎ পৰিমানৰ ধন-সোণৰ অধিকাৰী হৈছিল।ইয়াৰোপৰি তেওঁ ডাচ্ছসকলৰ এটা শক্তিশালী নৌ -আক্ৰমণ প্ৰতিহত কৰি বেলজিয়ান মূলৰ সেনাপতি 'ইয়োচটাচিয়াছ দি লেনয়'ক বন্দী কৰিছিল।এইজন মহাপ্ৰতাপী ৰজা মাৰ্তণ্ড বৰ্মাই নিজকে "পদ্মনাভ দাস" বুলি চিনাকী দিছিল আৰু নিজৰ সমস্ত ধন-সোণ শ্ৰীশ্ৰী পদ্মনাভ মন্দিৰৰ নামত উচৰ্গা কৰিছিল।তেওঁৰ পথকে অনুকৰণ কৰি পিছলৈ সমগ্ৰ ৰাজপৰিয়ালেই নিজৰ সকলো সম্পত্তি মন্দিৰৰ নামত উচৰ্গা কৰিছিল আৰু শৰণ লৈছিল।আন একাংশৰ মতে আকৌ দাক্ষিণাত্যত শাসন কৰা শক্তিশালী ৰাজবংশসমূহ যেনে চোল,চেৰা,পাণ্ড্য আদি ৰাজবংশবোৰে পৰ্যায়ক্ৰমে এই ধন-সোণবোৰ মন্দিৰত লুকুৱাই ৰাখিছিল যাতে শত্ৰুৰ পৰা এইবোৰ ৰক্ষা কৰিব পৰা যায়।সি যি কি নহওঁক,মন্দিৰৰ তলত থকা এই বৃহৎ খাজানাৰ সপক্ষে ইমানেই দাবী উত্থাপন হ'ল যে অ্ৱশেষত উচ্চতম ন্যায়ালয়ে এখন আৱেদনৰ ভিত্তিত এই খাজানাৰ অনুসন্ধানৰ বাবে অনুমতি প্ৰদান কৰি এখন সাতজনীয়া কমিটি গঠন কৰি দিয়ে।এই  কমিটিখনে ২৭ জুন ২০১১ তাৰিখে সম্পূৰ্ণ প্ৰস্তুতিৰে মন্দিৰৰ তলৰ অংশত অনুসন্ধান চলায় আৰু বহু সপ্তাহজোৰা অনুসন্ধানৰ পাছত প্ৰায় ১৩০০ টন সোন উদ্ধাৰ কৰে,যাৰ সেই সময়ৰ বজাৰ মূল্য আছিল ৯০,০০০ কোটি টকা।আন এক হিচাপমতে সেই কমিটিৰ সদস্যসকলে ছটাকৈ ভাণ্ডাৰত খনন চলাই সৰ্বমুঠ ১,৩০,০০০ কোটি টকাৰ মহা মূল্যবান সামগ্ৰী উদ্ধাৰ কৰিছিল য'ত সোণ,ৰূপ,হীৰা,মুকুট,সোণ আৰু হীৰাখচিত বৃহৎ মূৰ্তি,মহা মূল্যৱান পাথৰ আদি আছিল।বাতৰিকাকতত প্ৰকাশিত তথ্য অনুসৰি প্ৰত্যেকটো ভাণ্ডাৰত খনন চলোৱাৰ সময়ত কমিটিৰ সদস্যসকল নানা সমস্যাৰ সন্মুখীন হৈছিল।মন্দিৰৰ তলৰ কেইবাফুট গভীৰতাত তেওঁলোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল।অক্সিজেন মাক্স পিন্ধি আৰু টৰ্চৰ পোহৰতত খনন চলোৱা হৈছিল।প্ৰতিটো ভাণ্ডাৰক A, B,C,D,E,আৰুFহিচাপে ভাগ কৰা হৈছিল । পাছলৈ আৰু দুটা ভাণ্ডাৰ G আৰু H আৱিস্কাৰ কৰা হৈছিল। কমিটিৰ এজন সদস্যৰ ভাষ্যমতে"আমি ভাণ্ডাৰবোৰ খোলাৰ সময়ত প্ৰথমে এখন ধাতু আৰু কাঠেৰে তৈয়াৰ কৰা দুৱাৰ পাইছিলো।বহু চেষ্টাৰ অন্তত সেইখন খুলি আমি দেখিলো আন এক কাঠেৰে নিৰ্মিত প্ৰকাণ্ড  দুৱাৰ ।পুনৰবাৰ বহু চেষ্টা কৰি সেইখন দুৱাৰ খোলাৰ পাছত দেখিলো আন এখন প্ৰকাণ্ড লোহাৰ নিৰ্মিত দুৱাৰ।আমাৰ সমস্ত শক্তি আৰু বুদ্ধি প্ৰয়োগৰ পাছতো আমি সেইখন দুৱাৰ খুলিবলৈ অসমৰ্থ হ'লো।"

সেই লোহাৰৰ দুৱাৰখন খুলিব  পৰাকৈ কোনো চাবি অথবা আন ব্যৱস্হা নাছিল।কিন্তু ৰহস্যজনকভাৱে দুৱাৰখনৰ ওপৰত সাপৰছবি অংকিত হৈ আছে। অনুমান কৰা মতে ওপৰৰ ছটা ভাণ্ডাৰতকৈ হাজাৰ গুণ বেছি খাজানা সেই বন্ধ লোহাৰৰ দুৱাৰখনৰ সিপাৰে আছে।জনবিশ্বাসমতে

সেই দুৱাৰখন নাগবান্ধেৰে বন্ধা আছে  ।কোনো লোকে যদি গৰুড় মন্ত্ৰ সঠিক আৰু শুদ্ধভাবে উচ্চাৰণ কৰিব পাৰে তেহে দুৱাৰখন খুলিব পৰা যাব।অন্যথা সি অভেদ্য।কোনোৱে জোৰ কৰি দুৱাৰখন খুলিব বিছাৰিলে মন্দিৰৰ তলৰ সেই খাজানা থকা গুহাৰ বাটবোৰ বন্ধ হৈ পৰিব আৰু খুলিব বিচৰাসকল তাতে সমাধিস্হ হৈ পৰিব অথবা মৃত্যুক সাৱটি ল'ব।সেয়েহে অনুসন্ধানকাৰীসকলে এই দুৱাৰখন খুলিবলৈ ভয় কৰা বুলিও জনসাধাৰণৰ মাজত প্ৰচাৰিত হৈ পৰে। এই ভয় আৰু ৰহস্যম তেতিয়া অধিক গভীৰ হৈ পৰিল ,যেতিয়া অনুসন্ধানকাৰী কমিটিখনৰ এজন সদস্যই ৰহস্যজনক মৃত্যুক সাৱটি ল'লে। ইয়াকে লৈ বিভিন্ন ধৰ্মীয় মতভেদ ঘটাত ন্যায়ালয়ে অনুসন্ধান কাৰ্য বন্ধ কৰি দিয়ে।তথাপি মাজে মাজে এই খাজানাৰ সম্পূৰ্ণ অনুসন্ধানৰ দাবী উত্থাপিত হৈ আহিছে।লগতে ইয়াকো দাবী কৰা হৈছে যে এই খাজানাৰ সম্পূৰ্ণ উদ্ধাৰেৰে ভাৰতৰ সমস্ত দৰিদ্ৰতা দূৰ কৰিব পৰা যাব।

এই ৰহস্যময়ী মন্দিৰ আৰু ইয়াৰ ৰহস্যময়ী দুৱাৰে আজিও জনমানসত চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে।এক অৰ্থত সেই দুৱাৰখন খোলাৰ বাবে হাজাৰ চেষ্টা চলাইয়ো বিজ্ঞানে পৰাজয় স্বীকাৰ কৰিছিল যিয়ে এই মন্দিৰৰ বৈভৱ,মহানতা আৰু ৰহস্যময়তাক গভীৰ কৰি তুলিছে।

(তথ্যসমূহ বাতৰিকাকত আৰু ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে ।সেয়েহে তথ্যসমূহৰ ক্ষেত্ৰত ভিন্নতা দেখা যায়।নিৰাপত্তাজনিত কাৰণত এই সম্পৰ্কে আজিও কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই(?)।অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা।)

ফটো সৌজন্য: ইন্টাৰনেট

#পদ্মনাভমন্দিৰ #ৰহস্য #শ্ৰীশ্ৰীপদ্মনাভমন্দিৰ

পোষ্টটো যদি ভাল লাগে শ্বেয়াৰ কৰক আৰু  লাইক কৰিবলৈ নাপাহৰিব।